Code S.3.1
জ্ঞান, শিক্ষণ আৰু সামাজিক-সাংস্কৃতিক প্রসংগ
ধাৰণা গঠন (Concept Formation):
ধাৰণা হৈছে সকলোধৰণৰ শিক্ষণৰ মৌলিক উপাদান। ধাৰণা হৈছে এক বিমূর্ত ভাব য'ত কিছুমান উমৈহতীয়া বৈশিষ্ট্য বা গুণ থাকে। ইয়াক বিভিন্ন ভাগত ভাগ কৰিব পাৰি, যেনে- অনুক্রম নীতি বা যুক্তি নির্ভৰ নীতি যিয়ে এক নির্দিষ্ট আয়োজনক সূচায়। শিশুরে সাধাৰণ কিছুমান ধাৰণা, যেনে- সিহঁতৰ চাৰিওকাষৰ বস্তু- পানী, মাতৃ, গাখীৰ, গছ, গিলাচ আদিৰ সংস্পৰ্শলৈ আহি ধাৰণা গঠন কৰে। এটি শিশুৱে ধাৰণা তাৰ ঘৰৰ পৰিৱেশৰ পৰা গঠন কৰিবলৈ আৰম্ভ কৰে। গুণগত আৰু পৰিমাণগত ধাৰণা শিশুরে অভিজ্ঞতাৰ পৰা অর্জন কৰে। উদাহৰণস্বৰূপে, বস্তি অঞ্চলত জন্ম গ্রহণ কৰা শিশু এটিৰ চহৰৰ উচ্চ বংশত জন্ম গ্ৰহণ কৰা শিশু এটিতকৈ ঘৰ বা পৰিয়ালৰ ধাৰণা অন্য হয়। কিন্তু বিদ্যালয় আৰু সম্প্ৰদায়ৰ পৰা সকলো শিশুরে প্রায় একেধৰণৰ জ্ঞান অভিজ্ঞতা অর্জন কৰে।
শিক্ষকৰ ভূমিকা (Role of the teacher):
সাধাৰণতে শিশু এটিক ৫ বছৰ বয়সত বিদ্যালয়ত নামভর্তি কৰি দিয়া হয়। প্রথম অৱস্থাত শিশুবে মূর্ত আৰু সহজ-সৰল বস্তুৰ প্ৰতি ধাৰণা গঠন কৰি লয়। শিক্ষকে শিশুৰ মূৰ্ত বস্তুৰ প্ৰতি থকা ধাৰণাটো উন্নত কবি জটিল আৰু নতুন 'ধাৰণাৰ লগত পৰিচয় কৰাই দিয়ে। শিশুৰ মনত পৰিবেশৰ প্ৰতি গঢ় লৈ উঠা ধাৰণাৰ এক স্বকীয় বৈশিষ্ট্য আছে। এই ক্ষেত্রত শিক্ষকে শিশুৰ ধাৰণাৰ প্রয়োজনীয় বিকাশ সাধনত বিশেষভাবে সহায় কৰে।
শিশুৰ মনত ধাৰণা গঠনৰ আটাইতকৈ উপযোগী আৰু ফলপ্রসূ কৌশল হৈছে প্রত্যক্ষ অভিজ্ঞতা প্রদান কৰা। বস্তু এটাৰ প্ৰতি মনত প্রতিচ্ছবি গঠন কৰিবলৈ শিশুক বস্তুটোৰ প্রাথমিক জ্ঞান দিব লাগে। উদাহৰণস্বৰূপে এজন বিজ্ঞান শিক্ষকে শিশুক ফুল এপাহৰ বিভিন্ন অংশৰ বিষয়ে জ্ঞান দিবলৈ যাওঁতে মৌখিকভাবে কোরা বা অকল ছবি দেখুৱাই ধাৰণা দিয়াৰ পৰিৱৰ্তে এপাহি সতেজ ফুল দেখুৱাই বিভিন্ন অংশৰ লগত চিনাকি কৰাই উপযুক্ত জ্ঞান দিব লাগে।
শ্রেণীকোঠাত কিছুমান বস্তুৰ প্রত্যক্ষ অভিজ্ঞতা প্রদান কৰাটো সম্ভৱ নহয়। উদাহৰণস্বৰূপে- যদি শিক্ষকজনে শিশুক এটা হাতীৰ ধাৰণা দিব বিচাৰে তেস্তে হাতীটো প্রত্যক্ষভাবে দেখুৱাবলৈ শ্রেণীকোঠালৈ আনিব নোৱাৰি। এই ক্ষেত্ৰত ছাত্র-ছাত্রীসকলক প্রত্যক্ষ জ্ঞান, অভিজ্ঞতা দিবলৈ চিৰিয়াখানলৈ লৈ যাব লাগে।
আকৌ যিকোনো বস্তুব স্পষ্ট ধাৰণা দিবলৈ যাওঁতে প্রতিটো বস্তুৰে বিশদ, বিৱৰণ দিয়াৰ লগতে বিভিন্ন পৰিৱেশত ইয়াৰ অভিজ্ঞতাসমূহৰ জ্ঞান দিয়াটো প্রয়োজনীয়। উদাহৰণস্বৰূপে পানীৰ আকাৰৰ বিষয়ে শিক্ষার্থীসকলক জ্ঞান দিবলৈ শিক্ষকগৰাকীয়ে শ্রেণীকোঠাত বিভিন্ন প্ৰকাৰৰ পাত্ৰ পানীৰে পূৰ্ণ কৰি দেখুৱাব পাৰে। এইদৰে প্রত্যক্ষ অভিজ্ঞতাৰ জৰিয়তে শিক্ষার্থীসকলে পানীৰ আকাৰৰ বিষয়ে জ্ঞান আহৰণ কৰিব যে পানীৰ কোনো নির্দিষ্ট আকৃতি নাই।
নতুন ধাৰণা শিশুৰ মনত সহজে গঠিত নহয়। সেয়েহে শিক্ষকে মনোযোগ দিব লাগে যাতে নতুন ধাৰণাৰ

0 Comments