Based on Old Syllabus
School Culture Leadership and Teacher Development (Code S.4.1)
বিদ্যালয় সংস্কৃতি, নেতৃত্ব আৰু শিক্ষকৰ উন্নয়ন
প্রশ্ন: ভাৰতবৰ্ষৰ পুৰণি শিক্ষা ব্যৱস্থাৰ এটি চমু আভাস দিয়া।
উত্তৰঃ ভাৰতবৰ্ষৰ পুৰণি শিক্ষা ব্যৱস্থাৰ কথা ক'বলৈ গ'লে বৈদিক যুগৰ শিক্ষা ব্যৱস্থাৰেই আৰম্ভ কৰিব লাগিব। কালক্রমত বৌদ্ধ আৰু মুছলমানসকলৰ শিক্ষা ব্যৱস্থাও ইয়াৰ অন্তর্ভুক্ত হয়। ভাৰতবৰ্ষৰ পুৰণি শিক্ষা ব্যৱস্থা ধৰ্মৰ সৈতে ওতপ্রোতভাবে জড়িত আছিল। ৰাষ্ট্ৰই শিক্ষাৰ সামূহিক দায়িত্ব লোৱাৰ পৰিৱৰ্তে কিছুমান গুণী-জ্ঞানী মনিষীয়েহে নিজ গৃহত (আশ্রমত) ছাত্রসকলক শিক্ষা দিয়াব ব্যৱস্থা কৰিছিল, যাক 'গুৰুকুল' বুলি জনা যায়। গুৰুকুলৰ পিছত হিন্দুসকলৰ 'পাঠশালা', 'টোল' আৰু 'পৰিষদ' নামৰ শিক্ষানুষ্ঠানৰ প্ৰচলন হৈছিল। আনহাতে মুছলমানসকলৰ ৰাজত্ব কালত 'মোক্তাব' আৰু 'মাদ্ৰাছা' নামৰ শিক্ষানুষ্ঠানৰ প্ৰচলনৰে শিক্ষাকাৰ্য আৰম্ভ কৰা হৈছিল। আনহাতে বৌদ্ধিক শাসন কালত যথেষ্ট সংখ্যক বৌদ্ধবিহাৰ স্থাপন কৰা হৈছিল য'ত শিষ্যসকলে বৌদ্ধ ভিক্ষু আৰু ভিক্ষুণীসকলৰ পৰা পাঠ গ্রহণ কৰিছিল। পিছলৈ এই 'বিহাৰ'সমূহেই উৎকৃষ্ট শিক্ষানুষ্ঠানলৈ পৰিৱৰ্তিত হৈছিল, যাৰ দুটা বিখ্যাত উদাহৰণ হ'ল 'তক্ষশীলা' আৰু 'নালদা' বিশ্ববিদ্যালয়।
গতিকে দেখা যায় যে প্রাচীন ভাৰতৰ শিক্ষা ব্যৱস্থা মূলত ভাৰতীয় দৰ্শনৰ অন্তৰ্গত বেদ, বেদান্ত, উপনিষদ আদিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছিল। ঋষি-মুনিসকলৰ আধ্যাত্মিক বিশ্লেষণৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বিষয়ৰ জ্ঞান প্ৰদান কৰা হৈছিল। অৱশ্যে মুছলমান বা ইছলামীয় শিক্ষা ব্যৱস্থা বিশেষকৈ ৰাজকীয় পৃষ্ঠপোষকতাত গঢ়ি উঠিছিল। বৈদিক, বৌদ্ধ আৰু মুছলমান যুগৰ সময়ত শিক্ষা মূলত লিখন, পঠন আৰু গণিতৰ জ্ঞানৰ উপৰিও অন্যান্য বিষয় দর্শন, সংস্কৃত, ধর্মশাস্ত্র, নক্ষত্রবিদ্যা, অর্থনীতি, ৰাজনীতি, কৃষি, ইতিহাস আদি বিষয়ৰ পাঠদান হৈছিল।
প্রশ্ন: চমুকৈ লিখা-
১। গুৰুকুল
২। পাঠশালা
৩। টোল
৪। পৰিষদ
৫। সত্র
৬। নামঘৰ
৭। মোক্তাব
৮। মাদ্রাছা
৯। মনিটৰিয়েল ব্যবস্থা
১১। চাৰ্টাৰ আইন ১৮১৩
১৩। মেকলেৰ প্ৰতিবেদন
উত্তৰ:
To Get Full PDF 👇
Social Science || Optional Paper || S4.3

1 Comments
Revised syllabis ke according hai kiya ish Notes
ReplyDelete