Art And Creative Education
প্রশ্ন: দৃশ্যকলা কি ?
উত্তৰঃ চাক্ষুষভাবে দর্শন কৰিব পৰা বা চকুৰে চাই সৌন্দর্য লাভ কৰিব পৰা সকলোবোৰ কলাসুলভ অভিব্যক্তি বা সৃষ্টি কর্মকে দৃশ্যকলা বুলি কোৱা হয়। এইবিধ কলাব উদ্দেশ্য হ'ল মানুহৰ মনত নান্দনিক চেতনাৰ উন্মেষ ঘটাই মানুহক আনন্দ প্রদান কৰা। চিত্রকলা, ভাস্কর্য, স্থাপত্য, অধিস্থাপন, ছপাকর্ম, কলাজ, পুতলা আদি দৃশ্যকলাব উদাহৰণ।
প্রশ্নঃ দৃশ্যকলাৰ দুটা উদাহৰণ দিয়া ?
উত্তৰঃ চিত্রকলা আৰু ভাস্কর্য।
প্রশ্নঃ পৰিবেশ্য কলা কি ?
উত্তৰ: পৰিবেশ্য কলা হৈছে য'ত শিল্পীজনে নিজে জড়িত হৈ কলা পৰিবেশন কৰে। নৃত্য, নাটক, মুকাভিনয় ইত্যাদি পৰিবেশ্য কলাৰ উদাহৰণ। পৰিবেশ্য কলা এনে এবিধ কলা য'ত শিল্পীজনে তেওঁৰ কণ্ঠ আৰু শৰীৰ ব্যৱহাৰ কৰাটো অপৰিহাৰ্য্য। য'ত পৰিবেশ্য কলাৰ অন্যান্য মাধ্যমসমূহৰ লগত সম্পর্ক বজাই বাখি শিল্পীজনে কলাসম্মত ৰূপত তেওঁৰ ভাব প্রকাশ কৰে। ই দৃশ্যগত বা চাক্ষুস কলাতকৈ পৃথক। দৃশ্যকলাৰ এজন শিল্পীয়ে কেনভাচ, কাগজ, ৰং আদি ব্যবহাৰ কৰি স্থিৰ শিল্পকলা সৃষ্টি কৰাৰ বিপৰীতে পৰিবেশ্য কলাৰ শিল্পীজনে উপস্থিত দর্শকৰ সন্মুখত তেওঁৰ শিল্পকলা পৰিবেশন কবে।
প্রশ্নঃ পৰিবেশ্য কলাৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ সংগীত আৰু নৃত্য।
1. সাঁচিপাতৰ চিত্ৰত ৰং কৰিবৰ বাবে ব্যৱহাৰ হোৱা দুবিধ সামগ্ৰীৰ নাম উল্লেখ কৰা।
উত্তৰঃ হেঙুল, গোটানীल ।
2. কোন চনত আর্টিষ্ট গ্রীল্ডর প্রতিষ্টা হৈছিল?
উত্তৰঃ
3. ললিত কলা অকাডেমি বঁটা প্রাপক প্রথমজন অসমীয়া শিল্পীর নাম লিখা।
উত্তৰঃ বিৰেন সিং (Bilen Singha). (1958 চন)।
4. 2019 বর্ষত সত্ৰীয়া নৃত্যৰ বাবে 'সংগীত নাটক অকাডেমী' বটা প্রাপক প্রসিদ্ধ শিল্পীজনর নাম লিখা।
উত্তৰঃ ৰঞ্জুমণী শইকীয়া।
2023: হৰি বৰা ৰবয়ান।
5. অসমৰ কলা আক্র শিল্পকলাৰ চৰকাৰী মহাবিদ্যালয়ৰ এক উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ ছাত্র- ছাত্রীসকলক দক্ষতা আৰু জ্ঞানৰ যোগেদি সৃষ্টিশীল জগতখনৰ সৈতে খাপ খুৱাব পৰা নান্দনিক ব্যক্তি হ'বলৈ সুযোগ প্ৰদান কৰা।
6. দৃশ্য কলার সংজ্ঞা দিয়া।
উত্তৰঃ দৃষ্ট কলা হৈছে কলাৰ এটা ভাগ যত, চিত্রকলা, ভাস্কর্য্য আৰু স্থাপত্যৰ জৰিয়তে কলা প্রদর্শন কৰা হয়। দৃশ্য কলাক প্রত্যক্ষভাবে উপস্থাপন কৰি ইয়াৰ অৰ্থ আৰু আবেগক প্রকাশ কৰা হয়।
7. ছাত্র-ছাত্রীৰ ব্যক্তিত্ব বিকাশত সহায় কৰা চাৰিটা প্রধান উপাদান উল্লেখ কৰা।
উত্তৰঃ ১। দৈহিক উপাদান: দৈহিক গঠন, স্বাস্থ্য, ৰূপ ইত্যাদি।
২। মানসিক উপাদান: চিন্তা, বুদ্ধি, বিচাৰ-স্মৃতি।
৩/ আবেগিক উপাদান: সুখ-দুখ, ক্রোধ, ভয়।
৪/ সামাজিক উপাদান: গৃহ, শিক্ষানুষ্টান ধৰ্ম, ভাষা।
৪. দুজন পশ্চিমীয়া চিত্র শিল্পীৰ নাম আৰু তেওঁলোকৰ একোখনকৈ বিখ্যাত ছবিৰ নাম লিখা।
উত্তৰঃ ১/ লিঅ'নাৰডো ডা ডিনচি: মনালিছা
২/ জ'নালিচ ভাবমাত্র: দা আর্ট অফ পেইনটিং ।
৯/ এজন প্রশিক্ষা প্রাপ্ত শিক্ষক হিচাপে ছাত্র-ছাত্রীৰ সৃজনীশক্তি বিকাশৰ বাবে কোন ধৰণৰ পদক্ষেপ লবা ? উদাহৰনসহ আলোচনা কৰা।
উত্তৰঃ সৃজনীশক্তি বিকাশৰ বাবে তলব পদক্ষেপসমূহ গ্রহণ কৰিব পাৰি
১/ শিক্ষার্থীসকলৰ মানোভাবক উৎসাহিত কৰা ।২/ বিভিন্ন কার্যকলাপৰ যোগেদি ছাত্ৰ ছাত্রীসকলক শিক্ষাদান কৰা ।
৩/ বাস্তব জীৱনৰ লগত সংগতি ৰাখি বিভিন্ন প্রশ্নসমূহ সোধা।

0 Comments